গেম অফ থ্ৰোনছ
From Wikipedia, the free encyclopedia
গেম অফ থ্ৰোনছ (ইংৰাজী: Game of Thrones) হৈছে এইচবিঅ'ৰ বাবে ডেভিদ বেনিঅ'ফ আৰু ডেনিয়েল ব্ৰেট ৱেইছৰদ্বাৰা সৃষ্ট এখন ইংৰাজী ভাষাৰ আমেৰিকান ফেণ্টাচী ড্ৰামা টেলিভিছন শৃংখলা। ই জৰ্জ আৰ. আৰ. মাৰ্টিনৰ এক কাল্পনিক উপন্যাস শৃংখলা এ ছং অফ আইচ এণ্ড ফায়াৰৰ এক টেলিভিছন অভিযোজন। মাৰ্টিনৰ শৃংখলাটোৰ প্ৰথমখন গ্ৰন্থ হৈছে এ গেম অফ থ্ৰোনছ। গেম অফ থ্ৰোনছৰ দৃশ্যগ্ৰহণ যুক্তৰাজ্য, কানাডা, ক্ৰোৱেছিয়া, আইচলেণ্ড, মালটা, মৰক্কো আৰু স্পেইনত সম্পন্ন কৰা হৈছিল। ২০১১ চনৰ ১৭ এপ্ৰিল তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইচবিঅ'ত প্ৰিমিয়াৰ হোৱা শৃংখলাটো ২০১৯ চনৰ ১৯ মে' তাৰিখে সমাপ্ত হয়। আঠটা ছিজনৰ শৃংখলাটোত মুঠ ৭৩টা খণ্ড সম্প্ৰচাৰিত হয়।
শৈলী | |
---|---|
নিৰ্মাতা |
|
অভিনয়ত |
|
শীৰ্ষ সংগীত পৰিচালক | ৰেমিন জৱাদী |
সংগীত পৰিচালক | ৰেমিন জৱাদী |
দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
ভাষা | ইংৰাজী |
চিজনৰ সংখ্যা | ৮ |
খণ্ডৰ সংখ্যা | ৭৩ |
কাৰ্যবাহী প্ৰযোজক |
|
প্ৰযোজক |
|
স্থান |
|
দৈৰ্ঘ্য | ৫০–৮২ মিনিট |
ষ্টুডিঅ’ |
|
পৰিবেশক | ৱাৰ্নাৰ ব্ৰ'ছ. টেলিভিছন ডিষ্ট্ৰিবিউচন |
মূল ছেনেল | এইচবিঅ' |
দৃশ্যৰ ফৰমেট | HDTV 1080i |
শব্দৰ ফৰমেট | ডলবী ডিজিটেল ৫.১ |
প্ৰদৰ্শনৰ সময় | এপ্ৰিল ১৭, ২০১১ (2011-04-17) – মে' ১৯, ২০১৯ (2019-05-19) |
সংশ্লিষ্ট ধাৰাবাহিক |
|
ৱেবছাইট | |
প্ৰযোজনা ৱেবছাইট |
ৱেষ্টেৰোচ আৰু এছ'ছ নামৰ কাল্পনিক মহাদেশৰ পটভূমিত ৰচিত আৰু নিৰ্মিত গেম অফ থ্ৰোনছত কলাকুশলীৰ এক বৃহৎ গোট আছিল। গোটেই কালছোৱাত শৃংখলাটোৱে সমান্তৰালভাৱে কাহিনীৰ কেইবাটাও মোৰক আগবঢ়াই লৈ যায়। প্ৰথম আৰু মুখ্য কাহিনীটো ৱেষ্টেৰোচৰ সাতখন ৰাজ্যৰ আইৰন থ্ৰোন বা লৌহ সিংহাসনক কেন্দ্ৰ কৰি সম্ভ্ৰান্ত পৰিয়ালবোৰৰ মাজত ৰাজনৈতিক সংঘাতৰ বিষয়ে দেখুওৱা হৈছে। ক্ষমতাত অধিষ্ঠিত ৰাজপৰিয়ালৰ সাৰ্বভৌমতা অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টা আৰু অন্যান্য সম্ভ্ৰান্ত পৰিয়ালসমূহৰ মাজত সিংহাসনৰ প্ৰতিদ্বন্দ্বিতাকে ইয়াত মূলতঃ উপস্থাপন কৰা হৈছে। কাহিনীৰ দ্বিতীয়টো মোৰত ৰাজ্যৰ ক্ষমতাচ্যুত ৰাজবংশৰ অন্তিম বংশধৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁক এছ'ছলৈ নিৰ্বাসিত কৰা হৈছে যদিও তেওঁ পুনৰ সিংহাসন পুনৰুদ্ধাৰ কৰাৰ ষড়যন্ত্ৰ কৰি আছে। তৃতীয়টো ভাগত ৱেষ্টেৰোচৰ উত্তৰ সীমান্তৰ বহিৰাগত ভাবুকিৰ বিৰুদ্ধে ৰাজ্যখনক ৰক্ষা কৰা এক সামৰিক বাহিনী নাইটচ ৱাটচৰ কথা উপস্থাপন কৰা হৈছে।
গেম অফ থ্ৰোনছে এইচবিঅ'ত এক অভিলেখসংখ্যক দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। শৃংখলাটোৰ এক বৃহৎ পৰিসৰৰ, সক্ৰিয় আৰু আন্তৰ্জাতিক অনুৰাগী আছে। সমালোচকসকলে শৃংখলাটোৰ অভিনয়, জটিল চৰিত্ৰ, কাহিনী, পৰিসৰ আৰু প্ৰযোজনা বাবে প্ৰশংসা কৰিছে যদিও ইয়াত সঘনাই নগ্নতা আৰু হিংসাৰ (যৌনতা সম্পৰ্কীয়) ব্যৱহাৰ কৰাৰ বাবে শৃংখলাটো সমালোচনাৰ সন্মুখীন হৈছে। অন্তিম ছিজনটোৱে ইয়াৰ হ্ৰাস পোৱা দৈৰ্ঘ্য আৰু সৃজনশীল সিদ্ধান্তৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া লাভ কৰিছিল। বহুতে ইয়াক এক হতাশাজনক সিদ্ধান্ত বুলি বিবেচনা কৰিছিল। শৃংখলাটোৱে ৫৯টা প্ৰাইমটাইম এমি বঁটা লাভ কৰিছিল। ২০১৫, ২০১৬, ২০১৮ আৰু ২০১৯ চনত আউটষ্টেণ্ডিং ড্ৰামা ছিৰিজৰ বঁটাসহ এই সংখ্যাটো এখন ড্ৰামা শৃংখলাৰ দ্বাৰা সৰ্বাধিক। শৃংখলাটোৱে লাভ কৰা অন্যান্য বঁটা আৰু মনোনয়নসমূহৰৰ ভিতৰত আছে শ্ৰেষ্ঠ নাটকীয় উপস্থাপনৰ (বেষ্ট ড্ৰামাটিক প্ৰেজেণ্টেচন) বাবে তিনিটা হিউগ' বঁটা, এটা পিবডী বঁটা, আৰু শ্ৰেষ্ঠ টেলিভিছন শৃংখলা - ড্ৰামাৰ বাবে গ'ল্ডেন গ্ল'ব বঁটাৰ বাবে পাঁচটা মনোনয়ন। বহুতো সমালোচক আৰু প্ৰকাশনে শৃংখলাটোক সৰ্বকালৰ শ্ৰেষ্ঠ টেলিভিছন শৃংখলা হিচাপে অভিহিত কৰিছে।