গণিত
From Wikipedia, the free encyclopedia
পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হ'ল "চিত্ৰ (figure) আৰু সংখ্যাৰ (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গিৰ মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। বিধিগত (formal) দৃষ্টিকোণ মতে গণিত হ'ল যুক্তিবিজ্ঞান (logic) আৰু বিশেষ প্ৰতীক-চিহ্নাদি (notation) ব্যৱহাৰ কৰে স্বতঃসিদ্ধ-ৰূপে সংজ্ঞায়িত বিমূৰ্ত গঠনসমূহৰ (axiomatically defined abstract structures) গৱেষণা, অৰ্থাৎ গণিত হ'ল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হ'ল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক স্থাপন কৰা। অন্য এক বাস্তৱতাবাদী (realistic) দৃষ্টিকোণৰ মতে গণিত হ'ল সেই সকলো বস্তু বা ধাৰণাৰ গৱেষণা, আমাৰ যুক্তিনিৰ্মাণ (reasoning) নিৰ্বিশেষে যাৰ স্বাধীন অস্তিত্ব আছে। অৰ্থাৎ গণিত বাস্তব বস্তুৰ গৱেষণা, মানুহৰ মনৰ বিমূৰ্ত সৃষ্টি নহয়, আৰু গণিতজ্ঞসকলৰ কাম হ'ল মূৰ্ত বাস্তবতাৰ পৰা গণিতৰ বিভিন্ন বিমূৰ্ত সূত্ৰ উদ্ঘাটন কৰা। বিজ্ঞানৰ সকলো শাখাতে গণিতৰ ব্যৱহাৰ আছে; গণিতক সেয়ে "বিজ্ঞানৰ ভাষা", "বিশ্বৰ ভাষা" আৰু "সমস্ত বিজ্ঞানৰ ৰাণী" বুলি কোৱা হয়।
এই গণিত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |