কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়
From Wikipedia, the free encyclopedia
ভাৰত চৰকাৰৰ এটা শাখা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় (ইংৰাজী: Ministry of Agriculture and Farmers' Welfare) (পূৰ্বতে কৃষি মন্ত্ৰালয়, Ministry of Agriculture) হৈছে ভাৰতত কৃষি সম্পৰ্কীয় নিয়ম আৰু আইন প্ৰস্তুত আৰু প্ৰশাসনৰ শীৰ্ষ সংস্থা। মন্ত্ৰালয়ৰ তিনিটা বিস্তৃত ক্ষেত্ৰ হৈছে কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সহযোগিতা।
ভাৰতৰ প্ৰতীক | |
সংস্থাৰ ৰূপৰেখা | |
---|---|
ক্ষেত্ৰাধিকাৰ | ভাৰত গণৰাজ্য |
মুখ্য কাৰ্যালয় | কৃষি ভৱন ড. ৰাজেন্দ্ৰ প্ৰসাদ ৰোড নতুন দিল্লী ১১০০০১ |
বাৰ্ষিক বাজেট | ₹১,৪২,৭৬২ কোটি (২০.০২ বিলিয়ন ডলাৰ) (2020-21 est.)[1] |
দায়বদ্ধ মন্ত্ৰীসকল | নৰেন্দ্ৰ সিং তোমাৰ, (কেবিনেট মন্ত্ৰী) পৰশোত্তম ৰূপালা[2], (ৰাজ্যিক মন্ত্ৰী) কৈলাস চৌধুৰী[2], (ৰাজ্যিক মন্ত্ৰী) |
সংস্থাৰ কাৰ্যবাহী | সঞ্জয় আগৰৱাল, সচিব |
ৱেবছাইট | agriculture |
ভাৰতৰ আধাতকৈও অধিক জনসংখ্যাৰ বাবে কৃষি হৈছে জীৱিকাৰ মুখ্য উৎস। কৃষিয়ে অনা-কৃষি খণ্ডৰ বাবে প্ৰয়োজনীয় বেছিভাগ সামগ্ৰী আৰু উদ্যোগ খণ্ডৰ বাবে বেছিভাগ কেঁচা সামগ্ৰী প্ৰদান কৰে। ভাৰত হৈছে এক মুখ্যতঃ কৃষিভিত্তিক অৰ্থনীতি ২০০৯-১০ চনত জনসংখ্যাৰ ৫২.১% প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি আৰু আনুষঙ্গিক খণ্ডত নিযুক্তি প্ৰাপ্ত বুলি অনুমান কৰা হৈছে। অৰ্থনৈতিক সমীক্ষা-২০১০ অনুসৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কৃষক সম্প্ৰদায়ৰ মিলিত প্ৰচেষ্টাই ২০১০-১১ বৰ্ষত ২৪৪.৭৮ নিযুত টন খাদ্যশস্যৰ অভিলেখ উৎপাদন প্ৰাপ্ত কৰাত সফল হৈছে। কৃষি আৰু সহযোগিতা বিভাগৰ নিৰ্দেশনাত পৰিচালিত (কৃষি এমএমপি)ৰ দৰে বিভিন্ন শস্য বিকাশ আঁচনিৰ অধীনত কৃষকসকললৈ নতুনকৈ বিকশিত শস্য উৎপাদন প্ৰযুক্তিৰ কাৰ্যকৰী স্থানান্তৰৰ জৰিয়তে এই অভিলেখ উৎপাদন প্ৰাপ্ত কৰা হৈছে। উৎপাদনৰ আঁৰৰ অন্যান্য কাৰণবোৰৰ ভিতৰত আছে বৰ্ধিত নিম্নতম সমৰ্থন মূল্যৰ জৰিয়তে বিভিন্ন শস্যৰ লাভজনক মূল্য।