কাৰ্ল লিনিয়াছ
ছুইডেনৰ উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী / From Wikipedia, the free encyclopedia
কাৰ্ল লিনিয়াছ (ইংৰাজী: Carl Linnaeus; Carolus Linnaeus; কেৰ'লাছ লিনিয়াছ) (২৩ মে'[1] পুৰণা নিয়মত ১৩ মে', ১৭০৭ - ১০ জানুৱাৰী, ১৭৭৮) হৈছে ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী। তেওঁ আধুনিক দ্বৈৰাশিক নামকৰণৰ ভিত্তি স্থাপন কৰি থৈ গৈছিল। তেওঁক আধুনিক বৰ্গীকৰণৰ জনক বোলা হয়। ইয়াৰোপৰি তেওঁ আধুনিক বাস্তুবিজ্ঞানৰ জনকসকলৰ ভিতৰত অন্যতম।
কাৰ্ল লিনিয়াছ কেৰ'লাছ লিনিয়াছ | |
---|---|
আলেকজেণ্ডাৰ ৰ'জলিনৰ তুলিকাত লিনিয়াছৰ চিত্ৰ | |
জন্ম | ২৩ মে', ১৭০৭ Råshult, Älmhult, ছুইডেন |
মৃত্যু | ১০ জানুৱাৰী, ১৭৭৮ (৭০ বছৰ) উপছালা, ছুইডেন |
বাসস্থান | ছুইডেন |
জাতীয়তা | ছুইছ |
ক্ষেত্ৰ | প্ৰাণী বিদ্যা, চিকিৎসাবিজ্ঞান, উদ্ভিদবিজ্ঞান |
শিক্ষানুষ্ঠান | উপছালা ইউনিভাৰ্চিটি University of Harderwijk |
জনা যায় | জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন বাস্তুবিজ্ঞান উদ্ভিদবিজ্ঞান |
লেখকৰ সংক্ষিপ্ত ৰূপ (উদ্ভিদ বিজ্ঞান) | L. |
স্বাক্ষৰ | |
টোকা |
ফৰাচী দাৰ্শনিক জঁ-জাক ৰুছ’ৱে তেওঁলৈ এই বাৰ্তা পঠিয়াইছিল যে: "মই এই পৃথিৱীত তেওঁতকৈ মহান কোনো ব্যক্তিক চিনি নাপাওঁঁ। "[2] জাৰ্মান দাৰ্শনিক য়োহান ভোল্ফগেং ফন গ্যোটে লিখিছিল: "শ্বেইকছপীয়েৰ আৰু স্পিনোজাক বাদ দিলে পৃথিৱীত এই পৰ্যন্ত বাস কৰি যোৱা সকলো মানুহৰ ভিতৰত মোৰ ওপৰত লিনিয়াছৰ প্ৰভাৱেই আছিল সকলোতকৈ বেছি। "[2] ছুইডেনৰ লেখক আগষ্ট ষ্ট্ৰীণবাৰ্গে লিখিছিল: "লিনিয়াছ প্ৰকৃততে এজন কবি আছিল, কেনেদৰেযে তেওঁ প্ৰকৃতিবিদ হৈ গ'ল। "[3]