কলিকতা
পশ্চিমবঙ্গৰ ৰাজধানী, আৰু বৃহত্তম নগৰ / From Wikipedia, the free encyclopedia
কলিকতা বা কলকাতা (ইংৰাজী: Kolkata; বা Calcutta, বঙালী: কলকাতা) পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ আৰু বৃহত্তম নগৰ। বঙালীত "কোলকাতা"ক আগতে "কলিকাতা" বুলি কোৱা হৈছিল। ই ভাৰতৰ মহানগৰসমূহৰ ভিতৰত অন্যতম। হুগলীৰ পূব দিশত অৱস্থিত[4] এই নগৰৰ পৌৰ এলেকাৰ জনসংখ্যা ৫০ লাখৰো অধিক। কলিকতা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী জিলাসমূহৰ অংশবিশেষক লৈ গঠিত বৃহত্তৰ কলিকতাৰ জনসংখ্যা ১ কোটি ৪০ লাখৰ ওচৰা-ওচৰি। জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা কলিকতা ভাৰতৰ তৃতীয় বৃহত্তম চহৰ আৰু দ্বিতীয় বৃহত্তম মেট্ৰোপলিটান বা মহানগৰীয় অঞ্চল আৰু বিশ্বৰ অষ্টম বৃহত্তম মহানগৰ অঞ্চল।[5] কলিকতা পৌৰ এলেকাৰ উত্তৰে উত্তৰ ছব্বিশ পৰগণা; পূবে উত্তৰ আৰু দক্ষিণ ছব্বিশ পৰগণা; দক্ষিণে দক্ষিণ ছব্বিশ পৰগণা জিলা অৱস্থিত আৰু পশ্চিমে হুগলি নদী। হুগলী নদীয়ে মহানগৰখনক হাওৰা জিলাৰ পৰা পৃথক কৰিছে।
কলিকতা | |
---|---|
— মহানগৰ — | |
ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: ভিক্টৰিয়া মেমৰিয়েল, চেইণ্ট পল্স্ কেথেড্ৰেল, চেণ্ট্ৰে’ল বিজনেছ ডিষ্ট্ৰিক্ট্, হাওৰা ব্ৰিজ, চিটি ট্ৰাম লাইন, বিদ্যাসাগৰ সেতু | |
অন্য নাম: চিটি অৱ জয় | |
ভৌগোলিক স্থানাংক: 22.57278°N 88.36389°E / 22.57278; 88.36389 | |
দেশ | ভাৰত |
ৰাজ্য | পশ্চিমবংগ |
চৰকাৰ | |
- প্ৰকাৰ | পৌৰ নিগম |
- মেয়ৰ | সোভন চেতাৰ্জী[1] |
- চেৰিফ | ইন্দ্ৰজিত ৰায়[2] |
- Police commissioner | Ranjit Kumar Pachnanda[3] |
জনসংখ্যা (২০১১) | |
- মহানগৰ | ৪৪,৮৬,৬৭৯ জন |
- স্থান | ৭তম |
- মহানগৰ | ১,৪১,১২,৫৩৬ জন |
- Metro rank | ৩ জন |
- Demonym | Calcuttan জন |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30) |
Postal index number | 7000 xx, 7001 xx |
যানবাহনৰ নম্বৰ | WB 01–79 |
UN/LOCODE | IN CCU |
Telephone | 91-33-XXXX XXXX |
Spoken languages | Bengali, English, Hindi |
Ethnicity | Bengali, Marwari, Bihari, Other |
ৱেবছাইট | www |
১৯৭২ চনত মুৰ্চিদাবাদ নগৰৰ পৰা বঙ্গৰ ৰাজধানী কলিকতালৈ স্থানান্তৰ কৰে। ১৯১১ চনলৈ কলিকতা কেৱল বঙ্গৰে নহয়, সমগ্ৰ ব্ৰিটিছ ভাৰতৰে ৰাজধানী আছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত ই পশ্চিমবংগৰ ৰাজধানী হয়। সেই সময়ত ই আধুনিক ভাৰতৰ শিক্ষা, বিজ্ঞান, শিল্প, সংস্কৃতি আৰু ৰাজনীতিৰ পীঠস্থান। ১৯৫৪ চনৰ পিছত ৰাজনৈতিক অস্থিৰতা আৰু অৰ্থনৈতিক অৱক্ষয়ৰ ফলত সেই গৌৰৱ বহু পৰিমাণে ম্লান হয়। পিছে ২০০০ চনৰ পাছৰ পৰা এই নগৰ পুনৰায় অৰ্থনৈতিক আৰু বাণিজ্যিক সমৃদ্ধিৰ পথত অগ্ৰসৰ হয়।
কলিকতা মহানগৰৰ প্ৰসিদ্ধি বৈপ্লৱিক আন্দোলন আৰু সুদীৰ্ঘ সাংস্কৃতিক ঐতিহ্যৰ বাবে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী কালত গা কৰি উঠা বামপন্থী আন্দোলনৰ ক্ষেত্ৰত এই মহানগৰখনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আনফালে ভাৰতৰ প্ৰধান প্ৰধান সাংস্কৃতিক আন্দোলনবোৰৰো প্ৰাণকেন্দ্ৰ আছিল এই মহানগৰ। যাৰবাবে ইয়াক 'ভাৰতৰ সাংস্কৃতিক ৰাজধানী' বুলি অভিহিত কৰা হয়।[6] কলিকতাত বিভিন্ন ভাষা-ভাষী, জাতি, ধৰ্মৰ লোকে শান্তিপূৰ্ণ আৰু সৌহাৰ্দ্যময় সহাৱস্থানৰ বাবে ইয়াৰ 'আনন্দ নগৰী' বা 'চিটি অৱ জয়' নামেৰেও আখ্যা দিয়া হয়। ৰাজা ৰামমোহন ৰায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, স্বামী বিবেকানন্দ, ৰোনাল্ড ৰছ, সুভাষ চন্দ্ৰ বসু, মাদাৰ টেৰেছা, সত্যজিৎ ৰায়, সত্যেন্দ্ৰনাথ বসু, চি ভি ৰমন, অমৰ্ত্য সেন আদি বিশ্ববৰেণ্য ব্যক্তিত্বৰ কৰ্মভূমি এই কলিকতা মহানগৰ।