এলিজাবেথ অলচেন
আমেৰিকীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
এলিজাবেথ চেজ অলচেন (ইংৰাজী: Elizabeth Chase Olsen; জন্ম: ১৬ ফেব্ৰুৱাৰী, ১৯৮৯)) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত জন্মগ্ৰহণ কৰা অলচেনে চাৰি বছৰ বয়সতে অভিনয় কৰিবলৈ আৰম্ভ কৰে। ২০১১ চনত থ্ৰিলাৰ মাৰ্থা মাৰ্চি মে মাৰ্লিনত তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰত অভিনয় কৰিছিল-যাৰ বাবে তেওঁ প্ৰশংসিত হৈছিল আৰু ক্ৰিটিক্স চয়ছ মুভি বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছত হ'ৰৰ ছবি চাইলেণ্ট হাউছত তেওঁ অভিনয় কৰিছিল। ইয়াৰ বাবে অলচেনে বাফটা ৰাইজিং ষ্টাৰ বঁটাৰ মনোনয়ন লাভ কৰে। দুবছৰৰ পিছত তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
এলিজাবেথ অলচেন Elizabeth Olsen | |
---|---|
২০১৯ চনত অলচেন | |
জন্ম | এলিজাবেথ চেজ অলচেন ১৬ ফেব্ৰুৱাৰী, ১৯৮৯ (৩৫ বছৰ) Sherman Oaks, California, U.S. |
শিক্ষানুষ্ঠান | নিউয়ৰ্ক বিশ্ববিদ্যালয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯৪–বৰ্তমান |
দাম্পত্যসঙ্গী | ৰবি আৰ্নেট (m.?) |
আত্মীয়-স্বজন |
|
মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ মিডিয়া ফ্ৰেঞ্চাইজিত ৱাণ্ডা মেক্সিমফ/স্কাৰলেট উইচৰ চিত্ৰণৰ বাবে অলচেনে বিশ্বব্যাপী স্বীকৃতি লাভ কৰে। তেওঁ ছুপাৰহিৰো ছবি এভেঞ্জাৰছ: এজ অৱ আল্ট্ৰন (২০১৫), কেপ্তেইন আমেৰিকা: চিভিল ৱাৰ (২০১৬), এভেঞ্জাৰছ: ইনফিনিটি ৱাৰ (২০১৮)ত অভিনয় কৰে। ডাক্তৰ ষ্ট্ৰেঞ্জ ইন দ্য মাল্টিভাৰ্ছ অৱ মেডনেছ (২০২২), মিনিচিৰিজ ৱাণ্ডাভিজন (২০২১) গুৰুত্বপূৰ্ণ ছবি। ৱাণ্ডাভিজনৰ বাবে তেওঁ প্ৰাইমটাইম এমি বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনয়ন লাভ কৰে।
মাৰ্ভেলৰ সৈতে কৰা কামৰ বাহিৰেও অলচেনে দানৱ ছবি (Monster) গডজিলা (২০১৪), ৰহস্য ছবি উইণ্ড ৰিভাৰ (২০১৭), আৰু ড্ৰেমেডি ইংগ্ৰিড গ’জ ৱেষ্ট (২০১৭)ত অভিনয় কৰিছিল। তেওঁ ধাৰাবাহিক ছ’ৰী ফৰ ইউৰ লছ (২০১৮–২০১৯)ত কাৰ্যবাহী প্ৰযোজনা আৰু অভিনয় কৰিছিল| বিধৱা হিচাপে কৰা অভিনয়ৰ বাবে তেওঁ ক্ৰিটিক্স চয়ছ টেলিভিছন বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।