উইলিয়াম শ্বেইকছপীয়েৰ
ইংৰাজী ভাষী নাট্যকাৰ / From Wikipedia, the free encyclopedia
ৱিলিয়াম শ্বেক্সপীয়াৰ (ইংৰাজী: William Shakespeare; (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬)[nb 1] আছিল এজন ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়।[1] তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়।[2][nb 2] তেওঁৰ সাহিত্য সম্ভাৰে ৩৮খন নাটক,[nb 3] ১৫৪টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে।[3]
ৱিলিয়াম শ্বেক্সপীয়াৰ | |
---|---|
নেশ্বনাল প’ৰ্ট্ৰেট গেলাৰি, লণ্ডনৰ চাণ্ডচ প’ৰ্ট্ৰেট | |
জন্ম | ২৬ এপ্ৰিল, ১৫৬৪ত খ্ৰীষ্টধৰ্মত দীক্ষিতকৰণ (জন্ম তাৰিখ অজ্ঞাত) ষ্ট্ৰেটফ’ৰ্ড-আপন-এভন, ৱাৰৱিকশ্বায়াৰ, ইংলেণ্ড |
মৃত্যু | ২৩ এপ্ৰিল, ১৬১৬(৫২ বছৰ) ষ্ট্ৰেটফ’ৰ্ড-আপন-এভন, ৱাৰৱিকশ্বায়াৰ, ইংলেণ্ড |
পেচা | নাট্যকাৰ, কবি, অভিনেতা |
ৰাষ্ট্ৰীয়তা | ইংৰাজ |
সময় | ইংৰাজী নৱজাগৰণ |
দাম্পত্যসংগী | এন হাথাৱে (বি. ১৫৮২–১৬১৬) |
সন্তান |
|
আত্মীয়-স্বজন |
|
স্বাক্ষৰ |
ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত জন্ম লাভ কৰা শ্বেক্সপিয়াৰে ওঠৰ বছৰ বয়সত এন হাথাৱেক বিয়া কৰায় আৰু ছুজানা, হেমনেট আৰু জুদিথ নামৰ তিনিটি সন্তানৰ পিতৃ হয়। ১৫৮৫ৰ পৰা ১৫৯২ লৈ তেওঁ লণ্ডনত এগৰাকী অভিনেতা, লেখক হিচাপে বিখ্যাত হৈ পৰে আৰু পিচলৈ কিংছ মেন হিচাপে জনাজাত হোৱা লৰ্ড চেম্বাৰ্লেইনছ মেন নামৰ নাট্য প্ৰতিষ্ঠানটিৰ অংশীদাৰ হয়। খুব সম্ভৱ ৪৯ বছৰ বয়সত ১৬১৩ চনত তেওঁ অৱসৰ লৈ ষ্ট্ৰেটফ’ৰ্ডত থাকিবলৈ লয় আৰু তাতেই কিছু বছৰ পিছত মৃত্যুবৰণ কৰে। শ্বেক্সপীয়াৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি সীমিত তথ্য উপলব্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ শাৰীৰিক অবয়ৱ, যৌনত্ত্ব, ধৰ্মীয় বিশ্বাস আৰু তেওঁৰ নাম থকা ৰচনাসমূহ সঁচাকৈয়ে তেওঁ লিখা হয় নে নহয় তাক লৈ বিতৰ্কৰ অন্ত নাই।[4]
শ্বেক্সপীয়াৰে তেওঁৰ বেছিভাগ লিখনি ১৫৮৯ আৰু ১৬১৩ৰ মাজত ৰচনা কৰে।[5][nb 4] প্ৰথমাৱস্থাত তেওঁ মূলতঃ মিলনান্তক আৰু ইতিহাসমূলক নাট লিখি ষোল্ল শতিকাৰ শেষলৈ সেই ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰে। তাৰ পিছত তেওঁ হেমলেট, কিং লীয়াৰ, অ’থেলো, মেকবেথ আদি বিয়োগান্তক নাট লিখে যাক ইংৰাজী ভাষাৰ উত্কৃষ্ট সাহিত্য কৰ্মৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়। শেষৰ ফালে তেওঁ নিজাকৈ ৰোমাঞ্চ বা ট্ৰেজিকমেডী শ্ৰেণীৰ নাট লিখাৰ উপৰিও আন আন লিখকৰ লগত যুক্ত হৈয়ো বহুতো নাটক ৰচনা কৰে।
তেওঁৰ জীৱনকালতে শ্বেক্সপীয়াৰৰ ভালেকেইখন নাটক গুন তথা শুদ্ধতাৰ কোনো মানদণ্ড নোহোৱাকৈ প্ৰকাশ পায়। ১৬২৩ চনত “ফাৰ্ষ্ট ফলিঅ’” নামৰ এক সংস্কৰণত দুখনত বাদে তেওঁৰ প্ৰায় আটাইকেইখন নাট প্ৰকাশ পায়। বেন জনছনে ইয়াৰ পাতনিত এটা কবিতা লিখে আৰু শ্বেক্সপীয়াৰক “কোনো এটা যুগৰ নহয়, বৰং সৰ্বকালৰ” বুলি অভিহিত কৰে।[6]
নিজৰ দিনতো শ্বেক্সপীয়াৰ এজন নামজ্বলা কবি আৰু নাট্যকাৰ আছিল যদিও ১৯ শতিকালৈ তেওঁৰ নামে বৰ্তমানৰ খ্যাতি পোৱা[7] ২০ শতাব্দীত শিক্ষা আৰু অভিনয়ৰ ক্ষেত্ৰত হোৱা বিপ্লৱে শ্বেক্সপীয়াৰৰ কৰ্মৰাজিৰ পুনৰাৱিস্কাৰ আৰু নৱ অভিযোজনৰ বাট মুকলি কৰে। আজি বিশ্বৰ চাৰিওদিশে তেওঁৰ নাট সমূহৰ জনপ্ৰিয়তা আকাশলঙ্ঘী আৰু সাংস্কৃতিক বা ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ পৌনঃপৌনিক অধ্যয়ন, ৰূপায়ণ আৰু পুনৰনুবাদ হৈয়েই আছে।