ইলন মাস্ক্
From Wikipedia, the free encyclopedia
ইলন ৰিভ্ মাস্ক্ (জন্ম: ২৮ জুন ১৯৭১) এগৰাকী পুঁজিপতি, বিনিয়োগকাৰী আৰু সমাজহিতৈষী লোক। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ (SpaceX) প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী। তেওঁ টেছলা (Tesla Inc.) কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু স্থপতি; নিউৰালিংকৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া, আৰু পেইপলৰ সহ-প্ৰতিষ্ঠাপক। ব্লুমবাৰ্গ বিলিয়নাৰ্ছ্ ইণ্ডেক্স আৰু ফ'ৰ্বছৰ বাস্তৱ-সময়ৰ বিলিয়নাৰৰ তালিকা অনুসৰি ২০২২ চনৰ মে' মাহলৈ আনুমানিক ২৬৫ বিলিয়ন ডলাৰ সম্পত্তিৰে সৈতে মাস্ক্ সমগ্ৰ বিশ্বৰ ভিতৰতে সবাতোকৈ চহকী ব্যক্তি।[8][9][10]
ইলন মাস্ক্ এফ্ আৰ্ এছ্ | |
---|---|
ৰয়েল চ'ছাইটিৰ সভ্যৰূপে নিৰ্বাচন হোৱাৰ দিনাখন লণ্ডনত ইলন মাস্ক্, জুলাই ২০১৮ চন | |
জন্ম | ইলন ৰিভ্ মাস্ক্ জুন ২৮ , ১৯৭১ (৫২ বছৰ) প্ৰিট'ৰিয়া, ট্ৰান্সভাল, দক্ষিণ আফ্ৰিকা |
বাসগৃহ | বেল এয়াৰ, লছ এঞ্জেলছ্, কেলিফ'ৰ্ণয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ[1][2] |
নাগৰিকত্ব |
|
শিক্ষানুষ্ঠান | |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৯৫–বৰ্তমানলৈ |
পদবী |
|
ৰাজনৈতিক দল | নিৰ্দলীয়[5] |
দাম্পত্যসঙ্গী |
|
অংশীদাৰ |
|
পিতৃ-মাতৃ |
|
সন্তান | ৮ (এজনৰ মৃত্যু) |
আত্মীয়-স্বজন |
|
বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰয়েল ছ'চাইটিৰ সভ্যপদ |
স্বাক্ষৰ | |
দক্ষিণ আফ্ৰিকাৰ প্ৰিট'ৰিয়াত ডাঙৰ-দীঘল হোৱা মাস্কে ১৭ বছৰ বয়সত কানাডাৰ কুইনছ্ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। দুবছৰ পিছত তেওঁ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। ইয়াৰ অন্তৰ্গত হোৱাৰ্টন স্কুলৰ পৰা অৰ্থনীতি বিজ্ঞানৰ ডিগ্ৰী আৰু কলেজ অৱ্ আৰ্টছ্ এণ্ড্ চায়েন্সেছৰ পৰা পদাৰ্থবিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত তেওঁ ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰায়োগিক পদাৰ্থবিজ্ঞান আৰু বস্তুবিজ্ঞান বিষয়ত পি. এইচ. ডি. আৰম্ভ কৰিছিল। কিন্তু মাত্ৰ দুটা দিন পিছতে নিজাকৈ উদ্যোগী কেৰিয়াৰ গঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে গৱেষণাৰ কাম বাদ দিয়ে। ইয়াৰ পিছতে তেওঁ জিপ২ নামৰ ৱেব ছফ্টৱেৰ কোম্পানী এটাৰ সহ-প্ৰতিষ্ঠা কৰে। ১৯৯৯ চনত ৩৪০ নিযুত ডলাৰৰ বিনিময়ত কমপেকে ইয়াক ক্ৰয় কৰে। মাস্কে তাৰ পিছত X.com নামেৰে অনলাইন বেংক এটাৰ জন্ম দিয়ে।
২০০২ চনৰ মে' মাহত ইলন মাস্কে বিমান আৰু মহাকাশযান নিৰ্মাণ কোম্পানী স্পেছ্এক্স্ প্ৰতিষ্ঠা কৰে। এতিয়া তেওঁ কোম্পানীটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া (চি ই অ') আৰু মুখ্য আৰ্হি-নিৰ্মাতা। ২০০৩ চনত তেওঁ বৈদ্যুতিক গাড়ী আৰু সৌৰ ফলক নিৰ্মাণ কোম্পানী টেছলা (Tesla, Inc.) প্ৰতিষ্ঠা কৰিবলৈ বিত্তীয় সাহায্য আগবঢ়াইছিল। তেওঁ টেছলাৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু স্থপতি হৈছিল। ২০০৬ চনত মাস্কে সৌৰশক্তি যোগান ব্যৱস্থাৰ ওপৰত আধাৰিত ছ'লাৰচিটী গঢ়িবলৈ বিশেষ উদ্যোগ লৈছিল। সম্প্ৰতি টেছলাৰ অংশীদাৰ ৰূপে পৰিগণিত ছ'লাৰচিটীৰ অধ্যক্ষৰ দায়িত্বও মাস্কেই পালন কৰি আহিছে। ২০১৫ চনত মাস্কে মানৱোপযোগী আৰু বন্ধুভাৱাপন্ন কৃত্ৰিম বুদ্ধিমত্তাৰ বিস্তাৰৰ বাবে অপেন এ.আই. (OpenAI) নামৰ অলাভজনক গৱেষণা কোম্পানী এটাৰ সহ-প্ৰতিষ্ঠা কৰিছিল। ২০১৬ চনৰ জুলাই মাহত তেওঁ নিউৰালিংকৰ সহ-প্ৰতিষ্ঠা কৰিছিল। এইটো মগজু আৰু কম্পিউটাৰৰ মাজত সংযোগ বিকাশৰ ওপৰত গুৰুত্ব দিয়া এটা স্নায়ুপ্ৰযুক্তীয় কোম্পানী। সম্প্ৰতি তেওঁ নিউৰালিংকৰ মুখ্য কাৰ্য্যবাহী বিষয়া। একেটা বছৰৰে ডিচেম্বৰ মাহত তেওঁ আন্তঃগাঁথনি আৰু সুৰংগ নিৰ্মাণ কোম্পানী দ্য ব'ৰিং কোম্পানীৰ প্ৰতিষ্ঠা কৰে।
মাস্কৰ কৰ্মৰাজিসমূহ ব্যৱসায়িক লাভ আহৰণৰ প্ৰাথমিক চৰ্তটো পূৰণ কৰাতে সীমাৱদ্ধ নহয়। তেওঁৰ লক্ষ্য আৰু আঁচনিসমূহ ব্যক্তিগত লাভালাভৰ ঊৰ্ধত। মাস্কে হাইপাৰলুপ নামৰ অতি উচ্চবেগী যাতায়ত ব্যৱস্থা এটাৰ পৰিকল্পনা কৰিছে। উলম্ব দিশেৰে উৰণ আৰম্ভ কৰা আৰু অৱতৰণ কৰা শব্দতকৈ বেগী বৈদ্যুতিক জেটবিমান নিৰ্মাণৰো তেওঁ আঁচনি লৈছে। বৈদ্যুতিক ফেনেৰে সঞ্চালিত এই বিমানসমূহক "মাস্ক্ ইলেকট্ৰিক জেট" নাম দিয়া হৈছে। মাস্কে কৈছে যে স্পেছ্এক্স্, টেছলা আৰু ছ'লাৰচিটীৰ আঁচনিসমূহ সমগ্ৰ পৃথিৱী আৰু মানৱজাতিৰ ৰেহৰূপ সলনি কৰিবলৈ থকা তেওঁৰ স্বপ্নৰ দ্বাৰা পৰিচালিত হৈছে। তেওঁৰ অন্যান্য লক্ষ্যসমূহৰ ভিতৰত বহনক্ষম শক্তি উৎপাদন আৰু ব্যৱহাৰেৰে গোলকীয় উষ্ণতা হ্ৰাস, আৰু মানৱজাতিৰ ভৱিষ্যৎ নিৰাপদ কৰিবলৈ মংগল গ্ৰহত মানুহৰ এলেকা এটা গঢ়াৰ পৰিকল্পনাও আছে।