ইতিহাস
From Wikipedia, the free encyclopedia
ইতিহাস (গ্ৰীক: ἱστορία - historia, অৰ্থ "অনুসন্ধান, বিচাৰ-খোচাৰ কৰি পোৱা জ্ঞান") হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন। ইতিহাস লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। ইতিহাসৰ বিষয়ে লিখা পণ্ডিতসকলক ইতিহাসবিদ বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ য'ত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ কৰা হয় বা কেতিয়াবা বস্তুনিষ্ঠভাৱে সেই ঘটনাৰ কাৰণ আৰু চানেকি ফঁহিয়াই চোৱা হয়।[2][3] ইতিহাসবিদসকলৰ মাজত ইতিহাসৰ প্ৰকৃতি আৰু উপকাৰিতা লৈ তৰ্ক চলি আহিছে। ইয়াৰ ভিতৰত বিষয়টোৰ অধ্যয়ন তাৰ মাজতে সীমাবদ্ধ কৰি ৰখা আৰু বৰ্তমানৰ সমস্যাৰাজীক ইতিহাসমূলক দৃষ্টিকোণৰ পৰা চোৱাও আছে।[2][4][5][6] একো বাহ্যিক উৎসৰে সমৰ্থিত নোহোৱা কোনো সংস্কৃতিত প্ৰচলিত কাহিনীক সাধাৰণতে ইতিহাসৰ নাম দিয়াৰ সলনি সাংস্কৃতিক ঐতিহ্য বুলি শ্ৰেণীবদ্ধ কৰা হয়।[7][8] লিখিত নমুনা থকাৰ আগৰ ঘটনাক প্ৰাক-ইতিহাস বুলি কোৱা হয়।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
Those who cannot remember the past are condemned to repeat it.[1]
পশ্চিমীয়া সংস্কৃতিত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক ইতিহাসবিদ হিৰ'ড'টাছক "ইতিহাসৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ সমসাময়িক থুচিডাইডিছৰ সৈতে ইতিহাসৰ আধুনিক অধ্যয়নৰ ভেঁটি গঢ়ি তুলিছিল। বিশ্বৰ আন ঠাইৰ ইতিহাসমূলক পৰম্পৰাসমূহ আৰু তেওঁলোকৰ প্ৰভাৱ ইতিহাসৰ প্ৰকৃতিৰ বিভিন্ন ব্যাখ্যাত সাঙোৰ খাই আছে আৰু সেইবোৰ সদায় সলনি হৈ আছে। ইতিহাসৰ আধুনিক অধ্যয়নৰ বিভিন্ন ভাগ আছে; যেনে- কোনো নিৰ্দিষ্ট অঞ্চলক গুৰুত্ব দিয়া অধ্যয়ন, কোনো নিৰ্দিষ্ট বিষয় প্ৰসঙ্গ বিচাৰ কৰা অধ্যয়ন আদি। প্ৰাথমিক অৰু মাধ্যমিক শিক্ষাৰ অংশ হিচাপে বিদ্যালয়সমূহত ইতিহাস পঢ়োৱা হয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াক এটা মূল বিষয়ৰূপে বিবেচনা কৰা হয়।