ইডেন গাৰ্ডেন ষ্টেডিয়াম
From Wikipedia, the free encyclopedia
ইডেন গাৰ্ডেন ষ্টেডিয়াম(ইংৰাজী: Eden Gardens Stadium) হৈছে ভাৰতৰ কলকাতাৰ এখন ক্ৰিকেট খেলপথাৰ। ১৮৬৪ চনত স্থাপিত, ই হৈছে নৱনিৰ্মিত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ পিছত ভাৰতৰ আটাইতকৈ পুৰণি[3][4][5] আৰু দ্বিতীয় সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়াম আৰু মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ পিছত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টেডিয়াম। ষ্টেডিয়ামখনৰ বৰ্তমান ক্ষমতা ৮০,০০০। ২০১৯ চনৰ ২২ নৱেম্বৰত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত দ্বিতীয় টেষ্টৰসময়ত এই স্থানত ভাৰতত প্ৰথমবাৰৰ বাবে দিবা-নৈশ টেষ্ট মেচ অনুষ্ঠিত হৈছিল।[6]
খেলৰ দিনত ইডেন গাৰ্ডেন | |||||||||||||||||||||||||||||||||||||||||||||||||||
ঠিকনা | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
স্থান | কলকাতা,পশ্চিম বংগ,ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||||
স্থানাংক | 22°33′52″N 88°20′36″E | ||||||||||||||||||||||||||||||||||||||||||||||||||
স্বত্বাধিকাৰী | পশ্চিম বংগ ক্ৰিকেট সংস্থা[1] | ||||||||||||||||||||||||||||||||||||||||||||||||||
আসন ক্ষমতা | ৪০,০০০ (১৮৬৪–১৯৮৭) ১,০০,০০০+ (১৯৮৭–২০১১) ৬৬,৩৪৯ (২০১১-২০১৮) ৮০,০০০ (বৰ্তমান)[2] | ||||||||||||||||||||||||||||||||||||||||||||||||||
পৃষ্ঠ | ঘাঁহ (প্ৰাকৃতিক) | ||||||||||||||||||||||||||||||||||||||||||||||||||
|
ইডেন গাৰ্ডেনক "ভাৰতীয় ক্ৰিকেটৰ মক্কা" বুলি কোৱা হয়, কাৰণ ই ভাৰতত ক্ৰিকেট খেলৰ বাবে প্ৰথম আনুষ্ঠানিকভাৱে নিৰ্মিত খেলপথাৰ।[7][8] বিশ্বকাপ, বিশ্ব টুৱেণ্টি-২০ আৰু এছিয়া কাপকে ধৰি মুখ্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহত ইডেন গাৰ্ডেনে খেল আয়োজন কৰিছে। 1987 চনত, ইডেন গাৰ্ডেন বিশ্বকাপৰ ফাইনেলআয়োজন কৰা দ্বিতীয় ষ্টেডিয়াম হিচাপে পৰিগণিত হয়। ২০১৬ চনৰ আইচিচি বিশ্ব টুৱেণ্টি-২০ ফাইনেল খন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল, ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক এক নিকট যুঁজত পৰাস্ত কৰিছিল।