ইডিপাছ কমপ্লেক্স
From Wikipedia, the free encyclopedia
ইডিপাছ কমপ্লেক্স (ইংৰাজী: Oedipus complex) ধাৰণাটো মনোবিজ্ঞানৰ অৰ্থাৎ মনোবিশ্লষণৰ এটি অন্যতম ধাৰণা। ইয়াৰ অৰ্থ হ'ল পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এক ধৰণৰ অৱচেতন অনুৰাগ বা আসক্তি।[1][2] বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েডৰ মতবাদ অনুসৰি শৈশৱ কালতেই পুত্ৰ সন্তানসকলৰ মাতৃৰ প্ৰতি এক ধৰণৰ অনুৰাগ অথবা আকৰ্ষণ গঢ় লৈ উঠে আৰু এই অনুৰাগ গঢ় লয় সন্তানৰ অকালজাত যৌন চেতনাৰ প্ৰভাৱৰ ফলত। ইয়াৰ সমান্তৰালভাৱে পুত্ৰসন্তানসকলৰ মনত পিতৃৰ প্ৰতি এক ধৰণৰ বিৰাগ বা বিকৰ্ষণে ঠাই লয়। ছিগমাণ্ড ফ্ৰয়েডে এই ধাৰণাটো দ্য ইন্টাৰপ্ৰিটেচন অৱ ড্ৰিমছ (১৮৯৯)ত প্ৰৱৰ্তন কৰিছিল, আৰু তেওঁৰ গৱেষণা পত্ৰ এ স্পেচিয়েল টাইপ অৱ চয়ছ অৱ অবজেক্ট মেড বাই মেন (১৯১০)ত এই ইডিপাছ কমপ্লেক্স শব্দটোৰ উদ্ভাৱন কৰিছিল।[3][4] পিছলৈ ফ্ৰয়েডে এই জটিলতাৰ অভিজ্ঞতাত লিংগৰ পাৰ্থক্য বুজাবলৈ লিঙ্গচ্ছেদ উদ্বেগ আৰু লিংগ ঈৰ্ষাআদিৰ দৰ়়ে ধাৰণা বিকশিত কৰে।[5] পৰৱৰ্তী সময়ত, যৌন পাৰ্থক্য অনুসৰি, এক ইতিবাচক অডিপাছ কমপ্লেক্সে শিশু এটাৰ বিপৰীত লিংগৰ পিতৃ-মাতৃৰ প্ৰতি যৌন আকাংক্ষা আৰু সমলিংগ পিতৃ-মাতৃৰ প্ৰতি ঘৃণাক বুজায়, আনহাতে নেতিবাচক অডিপাছ কমপ্লেক্সে সমকামী পিতৃ-মাতৃৰ প্ৰতি আকাংক্ষা আৰু বিপৰীত লিংগৰ পিতৃ-মাতৃৰ প্ৰতি ঘৃণা বুজায়।[4][6][7] গ্ৰীক নাট্যকাৰ চফোক্লিচে তেওঁৰ "ইডিপাচ ৰেক্স" নামৰ নাটকখনৰ কাহিনীত বৰ্ণনা কৰিছে যে থিবচ্ নামৰ দেশখনৰ ৰজা ইডিপাছে নিজে নজনাকৈয়ে অথবা পূৰ্বৰ অভিশাপ অনুসৰি নিজ পিতৃক হত্্যা কৰি তেওঁৰ ৰাজ্য অধিকাৰ কৰে আৰু নিজ মাতৃক বিয়া কৰায়। এই ইডিপাছ নামৰ ৰজা জনৰ নাম অনুসৰিয়েই চিগ্মণ্ড ফ্ৰয়েডে পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এই অৱচেতন যৌনকামনাৰ নাম ইডিপাছ কমপ্লেক্স ৰাখিছিল।