অসমত বাঁহ শিল্প প্ৰচলনৰ ইতিহাস বহুদিনীয়া। বাণভট্টৰ হৰ্ষচৰিতত উল্লেখ থকা মতে অতীত অসমৰ বাঁহ শিল্প বৰ উন্নত আছিল। গ্ৰন্থখনৰ মতে, কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ বহুৰঙী বাঁহৰ চুঙা আৰু বাঁহৰ সঁজাত চৰাই উপহাৰ হিচাপে পঠাইছিল। এসময়ত মংগোলীয় জনজাতিৰ মাজতে বিশেষ প্ৰভুত্ব ৰাজত্ব কৰা এই বাঁহশিল্পই অথবা বাঁহসংস্কৃতিয়ে কালক্ৰমত আৰ্য, নিষাদ আৰু মংগোলীয় সংস্কৃতিৰ ত্ৰিবেণী সংগমত গঢ় লোৱা বিশাল অসমীয়া সংস্কৃতিকে সমৃদ্ধ কৰি তুলিলে। অসমীয়া কবিতা, প্ৰবচন, ডাকৰ বচন, যোজনা, লোকবিশ্বাস, লোকউৎসৱ, লোকপৰিৱেশ্য কলা, লোকগীত, স্থাপত্য-ভাস্কৰ্য আদিত বাঁহৰ প্ৰচলন দেখা যায়। অসমৰ খাদ্যশিল্প, সুকুমাৰ কলা আৰু ব্যৱহাৰিক জীৱনতো বাঁহৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা দেখা যায়।[1]