অমেৰুদণ্ডী প্ৰাণী
From Wikipedia, the free encyclopedia
অমেৰুদণ্ডী প্ৰাণী (ইংৰাজী: Invertebrates) হৈছে মেৰুদণ্ড বা পৃষ্ঠৰজ্জু নথকা বা বিকশিত নোহোৱা প্ৰাণী। উপপৰ্ব মেৰুদণ্ডীৰ অন্তৰ্ভূক্ত নোহোৱা প্ৰাণীবোৰেই হৈছে অমেৰুদণ্ডী প্ৰাণী। সন্ধিপদী (পতংগ, আৰ্কিনাইড, ক্ৰাষ্টাচিয়ান, আৰু মিৰিয়াপদছ), কোমলদেহী (কাইটন, শামুক, বাইভেল্ভছ, ষ্কুইড, আৰু অক্টোপাছ), বলয়ী (কেচু আৰু জোক), আৰু স্নাইডেৰিয়ান (হাইড্ৰা, জেলী ফিছ, ছী এনামন, আৰু প্ৰৱাল) আদি অমেৰুদণ্ডীৰ উদাহৰণ।
ক্ষিপ্ৰ তথ্য অমেৰুদণ্ডী, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
অমেৰুদণ্ডী | |
---|---|
সাধাৰণ মাখি, Drosophila melanogaster, বৈজ্ঞানিক গৱেষণাত বহুল ব্যৱহৃত প্ৰাণী। | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
(অশ্ৰেণীকৃত): | Filozoa |
ৰাজ্য: | Animalia |
অন্তৰ্ভূক্ত গোটসমূহ | |
| |
বৰ্গীকৰণমতে অন্তৰ্ভূক্ত কিন্তু পৰম্পৰাগতভাবে অন্তৰ্ভূক্ত নোহোৱা গোটসমূহ | |
বন্ধ কৰক
প্ৰাণী প্ৰজাতিৰ সৰহসংখ্যকেই হৈছে অমেৰুদণ্ডী; আনুমানিক প্ৰায় ৯৭%।[1] বহুটো অমেৰুদণ্ডীৰ জীৱবৈজ্ঞানিক গোটৰ অন্তৰ্গত বিভিন্ন প্ৰজাতিৰ সংখ্যা সৰ্বমুঠ মেৰুদণ্ডী প্ৰাণীৰ সংখ্যাতকৈও বেছি।[2]
অন্য অমেৰুদণ্ডীতকৈ কিছুমান অমেৰুদণ্ডী, যেনে টিউনিকাটা আৰু লান্সেলেট মেৰুদণ্ডীৰ অধিক নিকট সম্পৰ্কীয়।