অপাৰেচন চাৰ্চলাইট
From Wikipedia, the free encyclopedia
অপাৰেচন চাৰ্চলাইট মাৰ্চ, ১৯৭১ চনত তৎকালীন পূব পাকিস্তানত বঙালী জাতীয়তাবাদী আন্দোলন দমন কৰিবলৈ পাকিস্তানী সেনাই চলোৱা এক পৰিপল্পিত অভিযান আছিল।[9] পশ্চিম পাকিস্তানত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ আদেশত পৰিচালিত এই অপাৰেচনক নৱেম্বৰ ১৯৭০ চনৰ অপাৰেচন ব্লিট্জৰ অংশ হিচাবে ধৰা হৈছিল। প্ৰথম আঁচনীমতে ইয়াৰ উদ্দেশ্য আছিল মাৰ্চ ২৬ পৰ্য্যন্ত পূব পাকিস্তানৰ সকলো মুখ্য চহৰ অধিকাৰ কৰা আৰু তাৰ পাচত এক মাহৰ ভিতৰতে সকলো সামৰিক আৰু ৰাজনৈতীক বিৰোধিতা নিৰ্মূল কৰা।[10] পাক পৰিকল্পনাকাৰীসকলে দীৰ্ঘকালীন বঙালী প্ৰতিৰোধ আশা কৰা নাছিল।[11] মে' মাহৰ মাজভাগত বঙালীসকলৰ ডাঙৰ ডাঙৰ চহৰখিনিৰ পতনৰ লগে লগে অপাৰেচন চাৰ্চলাইটৰ অন্ত পৰে। এই অপাৰেচনৰ লগে লগে ১৯৭১ চনৰ বাংলাদেশ আতিশয্যৰ আৰম্ভণি হয় আৰু প্ৰায় ১০ মিলিয়ন শৰণাৰ্থীক ভাৰতলৈ পলাই যাবলৈ বাধ্য কৰে। বঙালীসকলৰ প্ৰণালীবদ্ধ হত্যাই তেওঁলোকক পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰিবলৈ উদগায় আৰু স্বাধীন বাংলাদেশ ৰাষ্ট্ৰৰ স্থাপনা কৰে।[12]
অপাৰেচন চাৰ্চলাইট | |||||||
---|---|---|---|---|---|---|---|
বাংলাদেশৰ জাতীয়তাবাদী আন্দোলনৰ অংশ | |||||||
|
|||||||
যুজাৰু | |||||||
মুক্তি বাহিনী
| পাকিস্তানী সেনা | ||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
Premier তাজুদ্দিন আহমেদ | য়াহায়া খান |
||||||
সৈন্য শক্তি | |||||||
Bengali Forces: ~8,000 Bengali soldiers from East Bengal Regiments[2]
Paramilitary Forces: | Pakistan Army: 14th Infantry Division, estimated 18,000+ soldiers,[4]
1 armored regiment (75 M24 Chaffee tanks).
Paramilitary Forces: ~3,000 East Pakistan Rifles, 1800 East Pakistan Police personnel[3] Pakistan Navy: 4 Gunboats and 1 Patrol Boat,[5] 1 Destroyer.[6] |
||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||
Mukti Bahini: 10,000 KIA, ~4,000+[7] POWs. | ~6,000 KIA and wounded[8] a few POWs. | ||||||
Civilian death toll: Estimated several hundred thousands Bengali civilians. |
পাকিস্তানে ভাৰতৰ বিপক্ষেও এই সময়তে অপাৰেচন জেংগিজ খান চলায় আৰু বিফল হয়। ইয়াৰ পাচত ভাৰতে বাংলাদেশৰ মুক্তি বাহিনীৰ লগত যোগ হৈ পূব পাকিস্তানত সামৰিক হস্তক্ষেপ কৰে আৰু তথাক্ৰমে ৰণত হাৰি পাকিস্তানে ১৬ ডিচেম্বৰ ১৯৭০ ত নিঃস্বৰ্ত আত্মসমৰ্পণ কৰে।[13]